মাহেকীয়া সংবাদ
Get a Quote
##ডাঁহী আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত সুধাকন্ঠৰ ওপজা দিন উদযাপন ##
By Mahekiya Sangbad
Sun, 09-Sep-2018, 19:30

ডাঁহী আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত সুধাকন্ঠৰ ওপজা দিন উদযাপন ।


আতিকুৰ ৰহমান

মাহেকীয়া সংবাদৰ ৰিপৰ্টঃ পশ্চিম মঙলদৈ

 ৯ ছেপ্টেম্বৰ:



ডাঁহী আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত ৮ছেপ্টেম্বৰ শনিবাৰে ডাঁহীৰ জনাৰামচৌকাত চিৰবৰণ্য শিল্পী সুধাকন্ঠ ডঃ ভূপেন হাজৰিকাৰ ওপজা দিন  পালন কৰা হয় ।ইয়াৰ লগতে সংগতি ৰাখি একাজলি শ্ৰদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্য ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতাৰ আয়োজন কৰা হয়। ডাঁহী অঞ্চলৰ বিভিন্ন শিক্ষানুষ্ঠানৰ পৰা  ছাত্র ছাত্ৰীয়ে অংশগ্ৰহণ কৰা এই প্ৰতিযোগিতাত ক্ৰমে প্ৰথম স্থান অধিকাৰ কৰে ডাঁহী সংগীত বিদ্যালয়ৰ জিমি শৰ্মাই, দ্বিতীয় স্থান লাভ কৰে বিবেকানন্দ বিদ্যালয়ৰ হিমানদ্বীপ ডেকাই আৰু তৃতীয় স্থান লাভ কৰে ডাঁহী বালিকা মাধ্যমিক বিদ্যালয়ৰ জিমনি শৰ্মাই ।উল্লেখযোগ্য যে এই একেটা অনুষ্ঠানতে ডাঁহী আঞ্চলিক ছাত্র সন্হাৰ তৰফৰ পৰা সদ্য ৰাষ্ট্ৰীয় বটা প্ৰাপ্ত ডাঁহী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শশাঙ্ক হাজৰিকাকো সম্বৰ্ধনা জনোৱা হয় ‌। এই অনুষ্ঠানত বিশেষ ভাৱে উপষ্ঠিত থাকে দৰং জিলা ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি শৰৎ ডেকা, ডাঁহী আঞ্চলিক ছাত্র সন্হাৰ উপদেষ্টা তথা মঙলদৈ মহকুমা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক দিলীপ ডেকা আৰু ডাঁহী অঞ্চলৰ বিভিন্ন  শিক্ষানুষ্ঠানৰ শিক্ষক শিক্ষয়ত্ৰীৰ লগত ডাঁহীবাসী ৰাইজ ।

Share via:

Leave a Message:
Related Updates
অক্টোবৰ সংখ্যা page 11 & 12
##দুমুনিচকী দৰং দুৱাৰ ক্লাৱত জেষ্ঠ নাগৰিক ৰ সজাগতা সভা##
##সদৌ অসম উন্নয়ন পৰিষদ ৰ আঞ্চলিক সমিতি গঠন।##
##দুমুনিচকী ত ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা ##
# ঘোচ লোৱা অৱস্থাত হাতে-লোতে ধৰা পৰিল বন বিষয়া #
KEEP UP TO DATE

This site was designed with Websites.co.in - Website Builder

WhatsApp Google Map

Safety and Abuse Reporting

Thanks for being awesome!

We appreciate you contacting us. Our support will get back in touch with you soon!

Have a great day!

Are you sure you want to report abuse against this website?

Please note that your query will be processed only if we find it relevant. Rest all requests will be ignored. If you need help with the website, please login to your dashboard and connect to support

;