মাহেকীয়া সংবাদ
Get a Quote
##ড্ৰিমছ মিউজিক একাডেমীৰ শুভাৰম্ভণী##
By Mahekiya Sangbad
Sun, 09-Sep-2018, 19:22

আজি দুমুনিচকীত মুকলি হল  " ড্ৰিমছ মিউজিক একাডেমী " ।

একাডেমী  মুকলি অনুষ্ঠানত জনপ্ৰীয়  কণ্ঠ শিল্পী ভৃগু কাশ্যপ  উপস্থিত ।।

আতিকুৰ ৰহমান

মাহেকীয়া সংবাদৰ ৰিপৰ্টঃ ৯ চেপ্তেম্বৰ

দৰঙ জিলাৰ দুমুনিচকীত আজি মুকলি হল  সংগীত শিক্ষা প্ৰতিষ্ঠান "ড্ৰিমছ মিউজিক একাডেমী" ।একাডেমীখন   উদ্ধোধন কৰিলে অসমীয়া জনপ্ৰীয় কণ্ঠ শিল্পী ভৃগু কাশ্যপে । উল্লেখ যে দুমুনিচকীৰ কেইজনমান সাংস্কৃতিবান যুৱকে পূৱ কামৰূপ আৰু পশ্চিম দৰঙ অঞ্চলৰ প্ৰতিভা সমুহক বিকাশ কৰাৰ উদ্দেশ্যে  বিদ্যালয় খন প্ৰতিষ্ঠা কৰে । প্ৰায় ছয় শতাধিক ৰাইজৰ উপস্থিতিত মুকলি কৰা  অনুষ্ঠানতোত এখনি সভা অনুস্থিত হয় ।সভাত  সভাপতিত্ব কৰে দৰঙ দুৱাৰ ক্লাৱৰ সভাপতি মমতাজ আলিয়ে । সভাত উপস্থিত থাকি ভাষন আগবঢ়ায় এইবাৰ মঙ্গলদৈ লোকসভা সমষ্টিৰ ৰাইজৰ দাবীদাৰ প্ৰাৰ্থী , দৰঙ জিলা পৰিষদৰ ,  জিলা আঁচনি  বিষয়া তথা যুৱ সমাজ কৰ্মী বনমালী শৰ্মাই । অৱসৰ প্ৰাপ্ত  শিক্ষক দিলোৱাৰ হুছেইন , কিৰন চন্দ্ৰ কাকতি, অধিবক্তা বাহাৰুল ইছলাম, চলচ্ছিত্ৰ পৰিচালক কুলেন্দ্ৰ ৰায় চৌধুৰি, হিল্লোল কুমাৰ পাঠক, দৰঙ জিলা ছাত্ৰ  সন্থাৰ সাধৰন সম্পাদক পৰাগ চহৰীয়া, সাংবাদিক আতিকুৰ ৰহমান,কুতুবদ্দিন আলি আদি গন্য মান্য লোক সভাত উপস্থিত থাকে । আখতাৰ হুছেইনে আঁতধৰা অনুষ্ঠানৰ শেষত জনপ্ৰিয় কন্ঠ  শিল্পী  ভৃগু কাশ্যপ আৰু দিব্যাংগ গায়ক মন্টু আলিয়ে গীত পৰিবেশন কৰি উপস্থিত থকা ৰাইজক মোহিত কৰে ।

https://youtu.be/LAiJBBwNiZs


Tags:

Share via:

Leave a Message:
Related Updates
কেৰেলাৰ বিধ্বস্ত বানত মানুহৰ অশেষ যন্ত্ৰণাৰ মাজতো প্ৰকৃত সচেতন
অক্টোবৰ সংখ্যা page 6 to 10
##স্বচ্ছ ভাৰত অভিযান ঔতলা গাঁৱৰ মহিলা ##
##ডাঁহী আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত সুধাকন্ঠৰ ওপজা দিন উদযাপন ##
##দ্বিতীয় বাৰ্ষিক ছাত্ৰ সমাৰোহ আৰু স্মাৰক বক্তৃতা ##
KEEP UP TO DATE

This site was designed with Websites.co.in - Website Builder

WhatsApp Google Map

Safety and Abuse Reporting

Thanks for being awesome!

We appreciate you contacting us. Our support will get back in touch with you soon!

Have a great day!

Are you sure you want to report abuse against this website?

Please note that your query will be processed only if we find it relevant. Rest all requests will be ignored. If you need help with the website, please login to your dashboard and connect to support

;