মাহেকীয়া সংবাদ
Get a Quote
##দূৰ্ঘটনা নে সুপৰিকল্পিত হত্যাকাণ্ড##
By Mahekiya Sangbad
Sun, 09-Sep-2018, 09:26


আমগুৰিৰ দিখৌমুখৰ নকটানীত ১ ছেপ্টেম্বৰ, ২০১৮ত সংঘটিত হৈছিল এটা পথ দুৰ্ঘটনা। কেৱল ৰাজ্যই নহয়, দেশজুৰি চৰ্চিত হৈছিল এই পথ দুৰ্ঘটনাটো। দিখৌ নৈত গাড়ীসহ সলিল সমাধি ঘটিছিল গুৱাহাটীত বাস কৰা হৰেন বৰা নামৰ ব্যৱসায়ীজনৰ পৰিয়াল। তেওঁ চলাই অহা এ এছ ০১ ডি কিউ ৯৭৮৮ নম্বৰৰ ছুইফট ডিজায়াৰখনত পৰিয়ালৰ ৫ সদস্য ক্ৰমে-  মাতৃ পুনৌ বৰা(৮৬), পত্নী ফুনু বৰা (৪৮), দুই কন্যা দীক্ষিতা বৰা (২১) আৰু নিক্ষিতা বৰা(১৭)সহ জাহ গৈছিল দিখৌ নৈত।


দিছিয়ালত সংঘটিত এই দুৰ্ঘটনা আছিল অতি কৰুণ। সন্ধিয়া প্ৰায় ৮ মান বজাত সংঘটিত এই পথ দুৰ্ঘটনাৰ পিছতেই ৰাজ্যজুৰি শোকৰ বন্যা বৈছিল। কিন্তু এতিয়া পথ দুৰ্ঘটনাক লৈ নতুন কিছু তথ্য পোহৰলৈ আহিছে। দিছিয়ালত দিখৌ নৈৰ মথাউৰিৰ পৰা খহি পানীত পৰিছিল এই বাহনখন। বহুতে ক’ব বিচাৰে, এই ঘটনা দুৰ্ঘটনা নাছিল। স্থানীয় একাংশ লোকৰ দাবী- এয়া আছিল সুপৰিকল্পিত আত্মহত্যাৰ ঘটনা। এই সন্দৰ্ভত ‘অসমীয়া প্ৰতিদিন’ৰ ডিজিটেল সংস্কৰণে বিভিন্ন জনৰ সৈতে যোগাযোগ কৰিছিল।


গৌৰীসাগৰ থানাৰ অন্তৰ্গত দিছিয়ালত সংঘটিত দুৰ্ঘটনা সন্দৰ্ভত যোগাযোগ কৰা হৈছিল গৌৰীসাগৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ সৈতে। বিষয়াগৰাকীয়ে জানিবলৈ দিয়া মতে- এনে সন্দহ কৰি কোনো ধৰণৰ এজাহাৰ পৰিয়ালৰ লোকে আৰক্ষীক দিয়া নাই। সেয়ে তেওঁৰ বিষয়টোৰ  সন্দৰ্ভত কোনো কথা কোৱাৰ পৰা বিৰত থাকে। অৱশ্যে ভাৰপ্ৰাপ্ত বিষয়াগৰাকীয়ে জনালে- এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে নিজাকৈ এটা গোচৰ ৰুজু কৰিব। তদন্তৰ অন্ততহে সকলো কথা পোহৰলৈ আহিব।


ইফালে, হৰেন বৰাৰ পৰিয়ালৰ এই শোকাৱহ ঘটনা সন্দৰ্ভত আন কিছু সংখ্যাগত ৰহস্যক লৈ ব্যাপক চৰ্চা হৈছে। 

সাংবাদিকে পৰিয়ালৰ এজন নাম প্ৰকাশত অনিচ্ছুক ব্যক্তিৰ সৈতে কথা পাতিছিলো। তেওঁ আমাক জানিবলৈ দিলে যে- এই ঘটনা সন্দৰ্ভত আমি বিশেষ একো আপোনাক জনাব নোৱাৰিম যদিও, তেখেতৰ পৰিয়ালৰ এই ঘটনা সাধাৰণ দুৰ্ঘটনা হ’ব নোৱাৰে। কিয়নো পৰিয়ালৰ পাঁচজন সদস্যক তেওঁ লৈ গৈছিল এজন সাধকৰ ঘৰলৈ। দিখৌৰ পাৰৰ দুলীয়া গাঁৱৰ এই সাধকজনৰ ঘৰলৈ যাব বিচৰা নাছিল সৰু কন্যা।


গাঁৱৰে এঘৰত বিবাহৰ এক অনুষ্ঠানলৈ গৈছিল সৰু কন্যা নিক্ষিতা। তেওঁ নিক্ষিতাক জোৰ কৰি গাড়ীত উঠাই লৈ গৈছিল। ইয়াৰ বিপৰীতে কিন্তু গাড়ীৰ পৰা নমাই থৈ গৈছিল তেওঁৰ ভাতৃ-কন্যা আৰু ড্ৰাইভাৰ হৰিশংকৰ দাসক। কোনো কোনোৱে কৈছে- যি স্থানত এই ঘটনা সংঘটিত হৈছিল, সেই স্থানলৈ পূৰ্বে গৈছিল হৰেণ বৰা। তাত তেওঁ প্ৰায় ১০ মিনিট মান সময় থাকি ঠাইখিনি পৰ্যবেক্ষণ কৰিছিল। প্ৰত্যক্ষদৰ্শীয়ে এই কথা আমাক জানিবলৈ দিছে।


এইখিনি তথ্যৰ ওপৰত ভিত্তি কৰি নিশ্চয় এই ঘটনাক দুৰ্ঘটনা বুলি ক’ব নোৱাৰি। গুৱাহাটীত ব্যৱসায় কৰা হৰেন বৰাৰ দুখনকৈ চিটিবাছ আছে। তাৰে এখন দুৰ্ঘটনাত পতিত হৈছিল কিছুদিনৰ পূৰ্বে। লক্ষণীয় কথাতো হ’ল- এই চিটি বাছখনৰ বীমা নাছিল।যাৰবাবে দুৰ্ঘটনাত আহতসকলৰ চিকিৎসাৰ ব্যয় সম্পূৰ্ণৰূপে গ্ৰহণ কৰিবলগীয়া হৈছিল হৰেণ বৰাই।


হৰেন বৰাৰ এজন ঘনিষ্ঠই জানিবলৈ দিয়া মতে, আৰক্ষীকো তেওঁ মেনেজ কৰিবলগীয়া হৈছিল। আন এক সূত্ৰ অনুসৰি হৰেণ বৰা আছিল পূৰ্বৰ এজন প্ৰাক্তন মন্ত্ৰীৰ অতি ঘনিষ্ঠ। এই মন্ত্ৰীজনৰ সৈতে থকা সম্পৰ্কৰ বাবে হৰেণ বৰাই ভালেমান কাম কৰি দিয়াৰ বাবদ ধনৰ লেনদেন কৰাৰো অভিযোগ উত্থাপন কৰিছে এক সূত্ৰই। সেই সূত্ৰ অনুসৰি তেনে বহু কাম কৰিব দিব নোৱাৰাৰ বাবে যথেষ্ট ধন পৰিশোধ কৰিবলগীয়া আছিল ব্যক্তিগৰাকীয়ে।


এনেবোৰ সমস্যাৰ মাজতেই আৰ্থিকভাৱে ব্যৱসায়ত যথেষ্ট লোকচানৰ সন্মুখীন হৈছিল হৰেন বৰা। তেওঁৰ নামত আছিল যথেষ্ট সংখ্যক ঋণ। আৰ্থিকভাৱে এসময়ত স্বচ্ছল হৰেন বৰাই শিৱসাগৰৰ গাঁৱৰ ঘৰলৈ গ’লেই মুক্ত হস্তে দান দিছিল বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানক। জন্মাষ্টমীৰ অনুষ্ঠানৰ বাবে হৰেন বৰাৰ পৰা ৰাইজে বৰঙণি বিচাৰি আহিছিল যদিও, পূৰ্বৰ দৰে হৰেন বৰাই সহাৰি নিদি তেওঁৰ আৰ্থিক সমস্যাৰ কথাহে কৈছিল।


ইফালে, সদায় ঘৰৰ চাবি, দোকানৰ চাবি নিজৰ লগত লৈ যোৱা হৰেণ বৰাই ঘৰৰ মালিকক চাবি দি যোৱাক লৈও সন্দেহৰ সৃষ্টি হয়। কিয়নো গুৱাহাটীতে হয়তো হৰেন বৰাই তেনে এক পৰিকল্পনা কৰিয়েই ঘৰলৈ গৈছিল। এইবোৰ কথাই এতিয়া ব্যাপক চৰ্চা লাভ কৰিছে। কোনবোৰ কথা সঁচা সেয়া আৰক্ষীৰ তদন্ত আৰু সেই লোকসকলক সোধ-পোছ কৰিলেহে পোহৰলৈ আহিব।


হৰেন বৰাৰ গুৱাহাটীৰ ঘৰৰ কাষৰেই এক সূত্ৰক এই সন্দৰ্ভত জানিবলৈ বিচৰাত তেওঁ জনালে যে, হৰেন বৰাৰ পৰিয়ালৰ সৈতে তেওঁৰ বিশেষ সম্পৰ্ক নাছিল। কিন্তু এইবোৰ কথা এতিয়া তেওঁ শুনিবলৈ পাইছে। লক্ষণীয় যে, অঞ্চলটোত সৰবৰহী এই পৰিয়ালটোৰ মৃত্যুৰ পাছত যথেষ্ট শোকৰ ছাঁ পৰিছে। ১৩ ছেপ্টেম্বৰত ৰাইজে আয়োজন কৰিছে আদ্যশ্ৰাদ্ধ।


৫দিনৰ পাছত হৰেন বৰাৰ পৰিয়ালৰ মৃতদেহ আৰু গাড়ীখন উদ্ধাৰ হৈছিল। কি পৰিস্থিতিত এই ঘটনা সংঘটিত হ’ল সেয়া নিশ্চয় আৰক্ষীৰ অনুসন্ধানত পোহৰলৈ আহিব। কিন্তু প্ৰাথমিক ঘটনা প্ৰবাহ আৰু হৰেন বৰাৰ শেহতীয়া আচৰণক লৈ তেওঁৰেই ঘনিষ্ঠ একাংশই সন্দেহ কৰিছে- অত্যাধিক চাপ, আৰ্থিক সমস্যা আৰু হতাশাত ভুগি হৰেন বৰাই পৰিকল্পিতভাৱে নিজৰ লগতে পৰিয়ালটোক এইদৰে নিঃশেষ কৰি দিলে। ইয়াৰ সত্যতা নিশ্চয় আৰক্ষীৰ অনুসন্ধানত পোহৰলৈ আহিব যিহেতু আৰক্ষীয়ে নিজাকৈ এক গোচৰ ৰুজু কৰিছে।

Share via:

Leave a Message:
Related Updates
#বৰনৈ মহাবিদ্যালয় ৰ প্ৰতিষ্ঠা দিৱস ও নৱাগত আদৰণি সভা# স্থান: দুমুনিচকী, দৰং##
##ভাৰত বন্ধৰ প্ৰভাৱ ##
##দুমুনিচকী দৰং দুৱাৰ ক্লাৱত জেষ্ঠ নাগৰিক ৰ সজাগতা সভা##
#প্ৰতিবদ্ধী সুৰক্ষা সংস্থা অসমৰ,ওদালগুৰি জিলা সমিতিৰ সজাগতা সভা##
##দুমুনিচকী ত ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা ##
KEEP UP TO DATE

This site was designed with Websites.co.in - Website Builder

WhatsApp Google Map

Safety and Abuse Reporting

Thanks for being awesome!

We appreciate you contacting us. Our support will get back in touch with you soon!

Have a great day!

Are you sure you want to report abuse against this website?

Please note that your query will be processed only if we find it relevant. Rest all requests will be ignored. If you need help with the website, please login to your dashboard and connect to support

;