মাহেকীয়া সংবাদঃ বিমুদ্ৰাকৰণৰ স্মৃতি বৰ্তমানো সজীৱ হৈ আছে প্ৰতিজন ভাৰতীয়ৰ মনত। তাৰ মাজতে ভাৰতীয় ৰিজাৰ্ভ বেংকে প্ৰৱৰ্তন কৰিছিল নতুন নিয়ম। এই নতুন নিয়মৰ বাবেই এতিয়া ২০০০ টকীয়া নোটখনক লৈ কেতিয়াবা বিপদত পৰিব পাৰে আপুনি!
ঐতিহাসিক সেই সিদ্ধান্তৰ পিছতে বজাৰত নোটৰ চাহিদা আৰু যোগানৰ ভাৰসাম্য অটুত ৰাখিবলৈ মুকলি কৰা হৈছিল ২০০০ টকীয়া নোট। পৰৱৰ্তী সময়ত ৫০০, ২০০, ৫০, ২০ আৰু ১০ টকাৰ নতুন ডিজাইনৰ নোটো বজাৰত এৰি দিছিল ৰিজাৰ্ভ বেংকে। ১০০ টকাৰ নতুন নোটেও অচিৰেই বজাৰ দখল কৰাৰ পথত।তুন নিয়ম অনুযায়ী যদিহে ২০০০ টকাৰ নোট এখন দুৰ্ভাগ্যৱশত ফাটি যায় তেন্তে তাৰ পৰিৱৰ্তে সম্পূৰ্ণ মূল্য পাবলৈ হ’লে নোটখন ৮৮ শতাংশ অক্ষত অৱস্থাত থাকিব লাগিব। নোটখন ৪৪ শংতাশ অক্ষত থাকিলে লাভ কৰিব আধা মূল্য। ৫০০ টকাৰ ক্ষেত্ৰত ক্ৰমে এই নিৰিখ হৈছে ৮০ আৰু ৪০ শতাংশ। ২০০ টকীয়া নোটৰ ক্ষেত্ৰত সম্পূৰ্ণ মূল্য পাবৰ বাবে ৭৮ শতাংশ আৰু আধা মূল্য পাবলৈ হ’লে ৩৯ শতাংশ অক্ষত থাকিব লাগিব।
ইয়াৰ মাজতে আপোনাক বিপদত পেলাব পৰা এক নতুন নিয়ম আৰম্ভ কৰিছে ৰিজাৰ্ভ বেংকে। যোৱা ৭ ছেপ্তেম্বৰৰ পৰা আৰম্ভ হোৱা এই নতুন নিয়ম প্ৰযোজ্য হ’ব ফটা নোটৰ ক্ষেত্ৰত। প্ৰত্যেকখন সুকীয়া মূল্যৰ নোটৰ বাবে নিৰ্দিষ্ট নিয়ম বান্ধি দিয়াৰ ফলত এতিয়া সৰ্বাসাধাৰণ বিপদত পৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে।
This site was designed with Websites.co.in - Website Builder
We appreciate you contacting us. Our support will get back in touch with you soon!
Have a great day!
Please note that your query will be processed only if we find it relevant. Rest all requests will be ignored. If you need help with the website, please login to your dashboard and connect to support
Search keyword
Want to know more about us
Fill in your details and we will get in touch at our earliest convenienceWant to know more about
Fill in your details and we will get in touch at our earliest convenience