মাহেকীয়া সংবাদ
Get a Quote
##লুইতৰ বুকুত কিছু দুখ লগা খৱৰ##
By Mahekiya Sangbad
Thu, 06-Sep-2018, 17:56

https://youtu.be/YW1s6hUDwBY

#লুইতৰ বুকুত নাও দূৰ্ঘটনাত কথমপি ৰক্ষা দুমুনিচকী বাঁহগড়াৰ মোহৰ আলি ।

আতিকুৰ ৰহমান

মাহেকীয়া সংবাদ ৰিপৰ্টঃ ৭ চেপ্তেম্বৰ 

গুৱাহাটীত  বুধবাৰে ৰাজ্য কপাই যোৱা লুইতৰ বুকুত সংঘটিত হোৱা  শোকাৱহ নাও দূৰ্ঘটনাত ছিপাঝাৰৰ বাঁহগড়াৰৰ মোহৰ আলি নামৰ লোক এজন সৌভাগ্যক্ৰমে ৰক্ষা পৰে  । সাধাৰন বৈদ্যুতিক  দোকান এখন দি জীৱন নিৰ্বাহ কৰা মোহৰ আলি ভয়ানক নাও দূৰ্ঘটনাৰ কথা বিৱৰি কলে সাংবাদিকক । উল্লেখ্য  যে নাওখন জাইকা  প্ৰকল্পত খুন্দা মাৰি ডুৱ যোৱাৰ লগে লগে প্ৰকল্পটিৰ এডাল ৰডত ধৰি প্ৰানৰক্ষা কৰে  যদিও  মোহৰ আলিৰ বাইক আৰু দোকানলৈ অনা  বৈদ্যুতিক  সামগ্ৰীখিনি  ব্ৰহ্মপুত্ৰত জাহ যায়  ।  দূৰ্ঘটনাৰ  সময়ত মোহৰ আলিয়ে  প্ৰায় 25 মিনিট সময় ৰডত ধৰি ৰক্ষা কৰা ৰক্ষা কৰা বুলি চিঞৰি চিঞৰি  থকাৰ সময় অন্য এখন নাওঁ উদ্ধাৰ কৰিব যোৱাত  কোনো ৰকম  মৃত্যু মুখৰ পৰা ৰক্ষা পৰে  । উল্লেখ্য যে প্ৰায় 1.30 বজাত মধ্যমখণ্ড  ঘাটৰ পৰা অহা নাওখন ব্ৰহ্মপুত্ৰৰ মাজত আধা ঘন্টা বিকল হৈ পৰাত অন্য নাওলৈ বিভিন্ন জনে ফোন  কৰিছিল  যদিও কিন্তু কোনো নাও সেইসময়ত আগবাঢি নাহিল  । যাৰ ফলত দূৰ্ভাগ্য জনক ভাবে এই দূৰ্ঘটনাতো সংঘটিত হোৱা বুলি মোহৰ আলিয়ে অৱগত কৰে  । এই নাও দূৰ্ঘটনাত এতিয়াও বহুকেইজন লোক সন্ধানহীন হৈ আছে  । অৱশো SDRF ,আৰু NDRF ৰ উদ্ধাৰ অভিযান অব্যাহত আছে  ।

আহক সকলোৱে মিলি video টো চাও।

https://youtu.be/n4sYJcLO7E0




Tags:

Share via:

Leave a Message:
Related Updates
অক্টোবৰ সংখ্যা page 6 to 10
##ৰঞ্জিত শৰ্মা একাডেমিৰ মানসিক, স্বাস্থ্য আৰু সজাগতা অভিজান##
##দুমুনিচকী দৰং দুৱাৰ ক্লাৱত জেষ্ঠ নাগৰিক ৰ সজাগতা সভা##
##মৰিয়াই চিঙিলে ভৰি## পৰকীয়া প্ৰেমত বাধা দিয়াৰ পৰিনতি##
#BIG BREAKING NEWS ##
KEEP UP TO DATE

This site was designed with Websites.co.in - Website Builder

WhatsApp Google Map

Safety and Abuse Reporting

Thanks for being awesome!

We appreciate you contacting us. Our support will get back in touch with you soon!

Have a great day!

Are you sure you want to report abuse against this website?

Please note that your query will be processed only if we find it relevant. Rest all requests will be ignored. If you need help with the website, please login to your dashboard and connect to support

;