মাহেকীয়া সংবাদ
Get a Quote
##দুমুনিচকী সংগীত বিদ্যালয়ৰ শুভৰাম্ভনী##
By Mahekiya Sangbad
Thu, 06-Sep-2018, 17:18

#দুমুনিচকীত মুকলি হব সংগীত বিদ্যালয় "ড্ৰিমছ মিউজিক একাডেমী" ।


আতিকুৰ ৰহমান,

মাহেকীয়া সংবাদৰ ৰিপৰ্ট,৭ ছেপ্তেম্বৰঃ



দৰঙৰ দুমুনিচকীৰ সাহিত্য-সংস্কৃতিক দিশত অগ্ৰনী ভূমিকা গ্ৰহন কৰা কেইজন মান উদিয়মান যুৱকৰ প্ৰচেষ্টাত বৃহত্তৰ পূৱ  কামৰূপ আৰু পশ্চিম দৰঙ অঞ্চলৰ সাংস্কৃতিক ক্ষেত্ৰত প্ৰতিভা সমুহ বিকাশৰ  মঞ্চ দিয়াৰ উদ্দেশ্যে এখন সংগীত বিদ্যালয় ড্ৰিমছ মিউজিক একাডেমী অহা   ৯ ছেপ্তেম্বৰত মুকলি কৰা হব । সেই উপলক্ষে  সেইদিনা এখনি  অনুুষ্ঠানৰো  আয়োজন কৰা হৈছে দুমুনিচকীৰ ৰাজহুৱা প্ৰেক্ষাগৃহত । ৰাতিপুৱা  ১০ বজাৰ পৰা আৰম্ভ হবলীয়া মুকলি সভাত  সভাপতিত্ব কৰিব দৰঙ দুৱাৰ ক্লাৱৰ সভাপতি তথা সমাজ কৰ্মী মমতাজ আলিয়ে । বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব আৰক্ষী পৰিদৰ্শক , চাইদুল ইছলাম, বিশিষ্ট নাট্যকাৰ হিল্লোল কুমাৰ পাঠক । নিদিষ্ট বক্তা হিচাপে উপস্থিত থাকিব যুৱ সমাজ কৰ্মী , দৰঙ জিলা পৰিষদৰ আঁচনি বিষয়া বনমালী শৰ্মা, বিশিষ্ট চলচ্চিত্ৰ  পৰিচালক কুলেন্দ্ৰ ৰায় চৌধুৰী , গুৱাহাটী উচ্চ ন্যালয়ৰ অধিবক্তা , খিজিৰুল মনিৰ । আমন্ত্ৰিত অতিথি হিচাপে থাকিব সদৌ দৰঙ জিলা ছাত্ৰ সন্থাৰ  সাধৰন সম্পাদক পৰাগ চহৰীয়া, সংগীত ব্যৱস্থাপক বাবলা চৌধুৰী, কৰিঅ গ্ৰাফাৰ ৰাজু দাস প্ৰমুখ্যে কেবাজনো বিশিষ্ট ব্যক্তি  আৰু অভিনেটা-  অভিনেত্ৰী উপস্থিত থাকিব লগীয়া

অনুষ্ঠাণত  সকলো ৰাইজৰ উপস্থিতি সংগীত বিদ্যালয়খনৰ অধ্যক্ষ ওৱাচিম ৰাজা শ্বাহ আৰু পৰিচালক মোস্তাক আহমেদে কামনা কৰিছে ।


Share via:

Leave a Message:
Related Updates
##দূৰ্ঘটনা নে সুপৰিকল্পিত হত্যাকাণ্ড##
##NSUI ৰ জোৰ সমদল##
কেৰেলাৰ বিধ্বস্ত বানত মানুহৰ অশেষ যন্ত্ৰণাৰ মাজতো প্ৰকৃত সচেতন
#প্ৰতিবদ্ধী সুৰক্ষা সংস্থা অসমৰ,ওদালগুৰি জিলা সমিতিৰ সজাগতা সভা##
##পাত্ৰপুৰৰ বৰপুখুৰীত মৃতদেহ উদ্ধাৰ ##
KEEP UP TO DATE

This site was designed with Websites.co.in - Website Builder

WhatsApp Google Map

Safety and Abuse Reporting

Thanks for being awesome!

We appreciate you contacting us. Our support will get back in touch with you soon!

Have a great day!

Are you sure you want to report abuse against this website?

Please note that your query will be processed only if we find it relevant. Rest all requests will be ignored. If you need help with the website, please login to your dashboard and connect to support

;