মাহেকীয়া সংবাদ
Get a Quote
#চচিয়েল মিডিয়া ত বিশেষ চৰ্চা##
By Mahekiya Sangbad
Tue, 04-Sep-2018, 10:35


#চ'চিয়েল মেডিয়াত মঙ্গলদৈ লোকসভা সমষ্টিতৰ প্ৰাৰ্থীৰ বাবে  বিশেষ চৰ্চা  লাভ কৰিছে বনমালী শৰ্মাই #

       



আতিকুৰ ৰহমান

মাহেকীয়া সংবাদৰ বিশেষ ৰিপ'ৰ্ট, ছিপাঝাৰ, ৪ ছেপ্টেম্বৰ :

        


মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ প্ৰাৰ্থীৰ বাবে বিভিন্ন ৰাজনৈতিক দলে তৎপৰতা আৰম্ভ কৰাৰ সময়তে, এইবাৰ মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ প্ৰাৰ্থী হিচাপে দৰং জিলাৰ এজন উদীয়মান যুৱকে চচিয়েল মিডিয়াত বিশেষ চৰ্চা লাভ কৰিছে।


উচ্চ শিক্ষিত, সংস্কৃতিৱান এই যুৱকজন হ'ল বনমালী শৰ্মা।  ঘৰ হৈছে ছিপাঝাৰ সমষ্টিৰ অন্তৰ্গত নাৰিকলি গাঁৱত । তেখেতে ছাত্ৰ অৱস্থাৰে পৰা  বিভিন্ন স্বেচ্ছাসেৱী অনুষ্ঠানৰ লগতো জড়িত হৈ আছে । বনমালী শৰ্মালৈ দৰং, ওদালগুৰি, ৰঙিয়া, নলবাৰী আদি জিলাৰ বিভিন্ন অঞ্চলত বিশেষ সমৰ্থন আহিছে ।


 বিভিন্নজনে শৰ্মাৰ হকে ইতিবাচক মন্তব্য দিয়াৰ লগতে জাতি, ধৰ্ম, বৰ্ন নিৰ্বিশেষে তেওঁৰ সমৰ্থনত ওলাই আহিছে স্ব- ইচ্ছাই। বনমালী শৰ্মাই কি দলৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব, সেয়া এই পৰ্যন্ত জানিব পৰা  হোৱা নাই যদিও মঙ্গলদৈবাসী ৰাইজে আজি দহ বছৰ ধৰি বিজেপি সাংসদ ৰমেন ডেকাৰ পৰা সমষ্টিবাসীয়ে একো উল্লেখনীয় আঁচনি ৰূপায়ণ নোহোৱাত ক্ষোভিত হৈ পৰিছে । 


এই ক্ষেত্ৰত জীয়াতু ভূগি থকা সমষ্টিৰ ৰাইজে বিকল্প প্ৰাৰ্থীৰ সন্ধান বিছাৰিছে ।  অন্ততঃ স্থানীয়  যুৱ প্ৰাৰ্থী এগৰাকী  হ'লে কিছু পৰিমাণে ৰাইজৰ আশা পূৰণ হ'ব বুলি ৰাইজে আশা কৰিছে। উল্লেখ্য যে অসমৰ স্বেচ্ছাসেৱী অনুষ্ঠান মৰমলেণ্ড ৱেলফেয়াৰ চ'ছাইটিয়ে সুধাকণ্ঠ ড: ভূপেন হাজৰিকাৰ জন্মমাহত প্ৰদান কৰা ড° ভূপেন হাজৰিকা  সন্মান যুৱ সমাজকৰ্মী বনমালী শৰ্মাই লাভ কৰাত তেওঁৰ শুভকাংক্ষীসকল উৎফুল্লিত হৈ পৰিছে ।


ইতিমধ্যে  বিভিন্ন ৰাজনৈতিক দলে যুৱ সমাজকৰ্মী বনমালী শৰ্মাৰ লগত মঙ্গলদৈ লোকসভা সমষ্টিৰ প্ৰাৰ্থীৰ বাবে যোগাযোগ কৰি আছে বুলি জানিব পৰা গৈছে । কিন্তু বনমালী শৰ্মাই কোন দলৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হ'ব, সেয়া কেইমাহ মান পিছতে পোহৰলৈ আহিব।

Share via:

Leave a Message:
Related Updates
Welcome to Mahekiya Sangbad
##NSUI ৰ জোৰ সমদল##
##সদৌ অসম উন্নয়ন পৰিষদ ৰ দিশপুৰ আইন মহাবিদ্যালয় ৰ শাখা সমিতি গঠন ##
##ড্ৰিমছ মিউজিক একাডেমীৰ শুভাৰম্ভণী##
##দৰঙৰ দুনীত 5 কাৰ্টন বিলাতী সুৰা##
KEEP UP TO DATE

This site was designed with Websites.co.in - Website Builder

WhatsApp Google Map

Safety and Abuse Reporting

Thanks for being awesome!

We appreciate you contacting us. Our support will get back in touch with you soon!

Have a great day!

Are you sure you want to report abuse against this website?

Please note that your query will be processed only if we find it relevant. Rest all requests will be ignored. If you need help with the website, please login to your dashboard and connect to support

;