মাহেকীয়া সংবাদ
Get a Quote
##দেওমৰনৈ লোজোৰাত যুৱকৰ আত্মহত্যা ##
By Mahekiya Sangbad
Sun, 16-Sep-2018, 04:50

#দৈওমৰনৈ লোজোৰাত যুৱকৰ আত্মহত্যা ।।


মাহেকীয়া সংবাদ

আতিকুৰ ৰহমান

ছিপাঝাৰঃ ১৬ চেপ্তেম্বৰ


#দৰং জিলাৰ দেওমৰনৈৰ সমিপৰ লোজোৰা গাঁৱৰ এজন যুৱকে যোৱা শুক্ৰবাৰে সন্ধিয়া আত্মহত্যা কৰাৰ পিছত শনিবাৰে আৱেলি ঘটনা সম্পৰ্কত পৰিস্থিতি উত্তপ্ত হয় । উল্লেখ্য যে পাথৰিঘাট আৰক্ষী চকীৰ অন্তৰ্গত লোজোৰা গাৱৰ ধৰ্মেশ্বৰ শইকীয়াৰ কনিষ্ঠ পুত্ৰ প্ৰাণজিৎ শইকীয়াই (২১) কালি সন্ধিয়া নিজ গৃহতে চিপজৰী লৈ আত্মহত্যা কৰে । ইয়াৰ পিছতে আৰক্ষীয়ে মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে । মৰণোত্তৰ পৰীক্ষাৰ অন্তত লোজোৰাস্থিত গৃহলৈ আৱেলি প্ৰায় ৩ বজাত মৃতদেহ অনাৰ পিছতে পৰিস্থিতি উত্তপ্ত হৈ পৰে । পৰিয়ালটোৰ ডাঙৰ বোৱাৰী গৰাকীৰ লগতে বোৱাৰীৰ দুৰ্গাগাঁও নিৱাসী পিতৃ আৰু মাহীয়েকৰ সতে গাৱৰ একাংশ মহিলাৰ প্ৰথমে তৰ্ক বিতৰ্ক হয় আৰু পিছলৈ হতাহতি পৰিণত হয় । উক্ত ঘটনাটিৰ পিছতে ছিপাঝাৰ থানাৰ আৰক্ষী উপস্থিত হৈ আঘাটপ্ৰাপ্ত মনিষা শইকীয়া আৰু উপমা বৰুৱা নামৰ মহিলা দুগৰাকীক পাথৰিঘাট স্বাস্থ্যকেন্দ্ৰত স্বাস্থ্য পৰীক্ষা কৰি স্বগৃহলৈ প্ৰেৰন কৰে । আনহাতে বোৱাৰী গৰাকীৰ পিতৃ মিলন ডেকা আৰু মাহীয়েক দীপালী ডেকাক আৰক্ষীয়ে লৈ যায় ।

এই ঘটনাত সমগ্ৰ অঞ্চলটিত প্ৰতিক্ৰিয়াৰ সৃষ্ঠি হয় আছে ।

Share via:

Leave a Message:
Related Updates
##দ্বিতীয় বাৰ্ষিক ছাত্ৰ সমাৰোহ আৰু স্মাৰক বক্তৃতা ##
অক্টোবৰ সংখ্যা page 1 to 5
##মৰিয়াই চিঙিলে ভৰি## পৰকীয়া প্ৰেমত বাধা দিয়াৰ পৰিনতি##
##পতঞ্জলী যোগ প্ৰশিক্ষণ শিবিৰৰ সামৰণি ##
##এমিতি একাডেমী আৰু এমিতি টিউটৰিয়েল চেণ্টাৰৰ প্ৰথম বাৰ্ষিক নৱাগত আদৰণী সভা##
KEEP UP TO DATE

This site was designed with Websites.co.in - Website Builder

WhatsApp Google Map

Safety and Abuse Reporting

Thanks for being awesome!

We appreciate you contacting us. Our support will get back in touch with you soon!

Have a great day!

Are you sure you want to report abuse against this website?

Please note that your query will be processed only if we find it relevant. Rest all requests will be ignored. If you need help with the website, please login to your dashboard and connect to support

;