#দৰঙৰ খটৰা সত্ৰত পাচেতি উৎসৱ আৰম্ভ ।।
আতিকুৰ ৰহমান
মাহেকীয়া সংবাদৰ ৰিপৰ্টঃ
ছিপাঝাৰঃ ১৬ চেপ্তম্বৰ
#দৰং জিলাৰ পশ্চিম প্ৰান্তৰ প্ৰানকেন্দ্ৰ দিপীলাৰ পৰা উত্তৰত অৱস্থিত ৪৫০ বছৰীয়া ইতিহাস সমৃদ্ধ খটৰা সত্ৰ । ঐতিহ্যমণ্ডিত এই খটৰা সত্ৰতে প্ৰতি বছৰে পালন কৰা হৈ আহিছে দৰঙীয়া ৰাইজৰ স্বাভিমান স্বৰূপে স্বীকৃত সত্ৰীয়া উৎসৱৰ ভোগজৰা পাচেতি মহোৎসৱ ৷ প্ৰতি বছৰে পাচদিনীয়া কাৰ্যসূচীৰে পালন কৰা হয় । পাচেতিৰ লগত সংগতি ৰাখি নাগাৰা-নাম,ওজাপালি,খুলীয়া ভাওনা প্ৰদৰ্শণ কৰাৰ লগতে এখনি মেলাৰ আয়োজন কৰা হয় ৷ এই মেলাতে জাতি,ধৰ্ম,বৰ্ণ নিৰ্বিশেষে হিন্দু-মুছলমান সকলো ৰাইজে অংশগ্ৰহণ কৰে পাচেতিৰ দিন কেইটি পশ্চিম দৰঙৰ হিন্দু-মুছলমান ৰাইজৰ মনবোৰ উৎসৱমুখৰ হৈ পৰে ৷ উক্ত মেলাৰ অভিন্ন অংগ ’পকামিঠৈ’ অৰ্থাৎ ’জিলাপী’ সকলোৰে প্ৰিয় ৷ আনন্দৰ ফল্গুধাৰা পাচেতিয়ে বাৰে বাৰে প্ৰমান দি আহিছে পশ্চিম দৰঙৰ ৰাইজৰ মহামিলনৰ তীৰ্থ হিচাপে পৰিগনিত হৈ আহিছে । আজিৰে পৰা আৰম্ভ হব লগীয়া পাচেতি উৎসৱত সকলো ৰাইজৰে উপস্থিতি কামনা কৰিছে উদ্যোগতা সকলে ।
This site was designed with Websites.co.in - Website Builder
We appreciate you contacting us. Our support will get back in touch with you soon!
Have a great day!
Please note that your query will be processed only if we find it relevant. Rest all requests will be ignored. If you need help with the website, please login to your dashboard and connect to support
Search keyword
Want to know more about us
Fill in your details and we will get in touch at our earliest convenienceWant to know more about
Fill in your details and we will get in touch at our earliest convenience