মাহেকীয়া সংবাদ
Get a Quote
##শুভাৰম্ভণী কৰিলে পকী দলং । ছিপাঝাৰ সমষ্টিৰ বিধায়ক বিনন্দ কুমাৰ শইকীয়া ই##
By Mahekiya Sangbad
Sat, 22-Sep-2018, 17:04

#ছিপাঝাৰ সমষ্টিৰ বিধায়ক  বিনন্দ কুমাৰ শইকীয়াই শুভাৰম্ভণী কৰিলে পকী দলঙ #


আতিকুৰ ৰহমান

মাহেকীয়া সংবাদ ছিপাঝাৰঃ২২ ছেপ্টম্বৰ



ছিপাঝাৰ সমষ্টিৰ বিধায়ক বিনন্দ কুমাৰ শইকীয়াই শুক্ৰবাৰে  দুনী -খটৰা সত্ৰ সংযোগী পথৰ ভেৰুৱাত কালপানী নদীৰ ওপৰত নিৰ্মান হবলগীয়া পকী দলঙৰ শুভাৰম্ভ কৰে ৷ ২০১৭-১৮ বৰ্ষত ১০০০ কাঠৰ দলঙ উন্নিতকৰণৰ যি অভিলাষী আঁচনি সৰ্বানন্দ সোনোৱাল চৰকাৰে গ্ৰহন কৰিছিল তাৰ এক প্ৰতিফলন স্বৰূপে ছিপাঝাৰ সমষ্টিৰ বিধায়ক বিনন্দ কুমাৰ শইকীয়াই দুনী  ভেৰুৱা আদি গাঁৱৰ ৰাইজৰ অসুবিধাৰ প্ৰতি লক্ষ্য ৰাখি  এক কোটি ন লাখ টকাৰ ব্যয়ৰে নিৰ্মান কৰিব কালপানী নদীৰ ওপৰত পকী দলঙ ৷ সেই উপলক্ষে অনুস্থিত হোৱা সভাত বিধায়ক বিনন্দ কুমাৰ শইকীয়াই আশা কৰে যে ঐতিহ্যমণ্ডিত খটৰা সত্ৰলৈ যোৱা এই পথটিত পকী দলঙখন সম্পূৰ্ন হৈ উঠিলে যাতায়তৰ ক্ষেত্ৰত অঞ্চলটিৰ বহুদিনীয়া সমস্যাৰ সমাধান হব ৷বিধায়ক বিনন্দ কুমাৰ শইকীয়াৰ উপৰিও শুভাৰম্ভনী অনুস্থানত উপস্থিত থাকে মঙ্গলদৈ গৰকাপ্তানি গ্ৰাম্য পথ সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা দীপক কুমাৰ বৈশ্য সহকাৰী কাৰ্যবাহী অভিযন্তা ভাস্কৰ চহৰীয়া গৰকাপ্তানি বিভাগৰ শাখা বিষয়া অপূৰ্ব শৰ্মা অচ্যুৎ কুমাৰ নাথ দিপীলা মৌজাৰ মৌজাদাৰ কাজল কিশোৰ ডেকা ৷ প্ৰায় ওঠৰ মাহত সম্পূৰ্ণ হবলগীয়া এই পকী দলঙখন নিৰ্মান সম্পূৰ্ণ হলে অঞ্চলৰ ৰাইজৰ যাতায়তৰ ক্ষেত্ৰত এক আশাৰ সঞ্চাৰ হব বুলি ৰাইজে আশা ব্যক্ত কৰিছে ৷

Share via:

Leave a Message:
Related Updates
##এইবাৰ ব্ৰহ্মপুত্ৰৰ বুকুত অঘটন##
##এমিতি একাডেমী আৰু এমিতি টিউটৰিয়েল চেণ্টাৰৰ প্ৰথম বাৰ্ষিক নৱাগত আদৰণী সভা##
##লুইতৰ বুকুত কিছু দুখ লগা খৱৰ##
#বৰনৈ মহাবিদ্যালয় ৰ প্ৰতিষ্ঠা দিৱস ও নৱাগত আদৰণি সভা# স্থান: দুমুনিচকী, দৰং##
##মৰিয়াই চিঙিলে ভৰি## পৰকীয়া প্ৰেমত বাধা দিয়াৰ পৰিনতি##
KEEP UP TO DATE

This site was designed with Websites.co.in - Website Builder

WhatsApp Google Map

Safety and Abuse Reporting

Thanks for being awesome!

We appreciate you contacting us. Our support will get back in touch with you soon!

Have a great day!

Are you sure you want to report abuse against this website?

Please note that your query will be processed only if we find it relevant. Rest all requests will be ignored. If you need help with the website, please login to your dashboard and connect to support

;