দৰঙৰ ৰঙামাটি পাব্লিক হাইস্কুলত মানসিক ৰোগৰ সজাগতা সভা ।
আতিকুৰ ৰহমান
মাহেকীয়া সংবাদৰ ৰিপৰ্ট মঙলদৈঃ
১৪ ছেপ্টেম্বৰ
সমগ্র দৰং জিলাতে জিলা স্বাস্থ্য অভিযানৰ উদ্যোগত আৰু মানসিক ৰোগ বিভাগ, মঙলদৈ অসামৰিক চিকিৎসালয়ৰ তৰফৰ পৰা বিভিন্ন স্থানত সজাগতা সভা অনুষ্ঠিত কৰি অহা হৈছে । এই উদ্দেশ্য আগত ৰাখিয়ে বুধবাৰে মঙলদৈৰ ৰঙামাটি পাব্লিক হাইস্কুলত ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়ত্ৰী আৰু অভিভাৱক সকলৰ মাজত মানসিক স্বাস্থ্য সম্পৰ্কে আয়োজন কৰা এই সভাত সভাপতিত্ব কৰে আব্দুল ৰহমানে ।
স্বাস্থ্য বিভাগৰ ফালৰ পৰা মুখ্য স্বাস্থ্য ও চিকিৎসা বিষয়া ডাঃ জে এম কটকী, মনোৰোগ বিশেষজ্ঞ ডাঃ মুনীন্দ্ৰ মেধী, নৈদানিক মনোবিজ্ঞানী পুষ্প কলিতা , মানসিক সমাজসেৱী প্ৰাঞ্জল ঠাকুৰীয়াকে ধৰি বিভাগীয় বিষয়া উপষ্ঠিত থাকে । এই সভাত মানসিক স্বাস্থ্য সম্পৰ্কে আলোকপাত কৰে ডাঃ মুনীন্দ্ৰ মেধিয়ে ।লগতে জিলা মুখ্য স্বাস্থ্য ও চিকিৎসা বিষয়া ডাঃ যদুমনি কটকীয়েও কৈশোৰ অৱস্হাৰ ছাত্ৰ ছাত্ৰীৰ শাৰিৰীক মানসিক স্বাস্থ্যৰ ওপৰত বিশ্লেষণ দাঙি ধৰে ।
উক্ত সভাত উপস্থিত থাকি শংকৰদেৱ শিশু নিকেতন,আউলাচৌকাৰ আচাৰ্য অমৃত ডেকায়ো গুৰুত্বপূৰ্ণ বক্তব্য ৰাখে । প্ৰায় তিনি শতাধিক লোক উপস্থিত থকা সভাখনত প্ৰশ্নোত্তৰৰ সময়ত শিক্ষক শিক্ষয়ত্ৰী, অভিভাৱকৰ লগতে ছাত্ৰ ছাত্ৰীয়েও মত ব্যক্ত কৰাৰ উপৰিও বিশেষজ্ঞ চিকিৎসক দুজনকো তেওঁলোকৰ আসোঁৱাহ বোৰ দূৰ কৰাৰ হেতু কিছুমান প্ৰশ্ন আগৱঢ়াই যাৰ যথোপযুক্ত উত্তৰ দি চিকিৎসকসকলে তাৰ বণৰ্না কৰে ।https://youtu.be/un3tca8YBc8
সভাৰ শেষত বিদ্যালয়ৰ খেল পথাৰত স্বাস্থ্য বিভাগৰ ফালৰ পৰা মানসিক স্বাস্থ্যৰ ওপৰত এখন নাটক পৰিবেশন কৰে কৰ্ড নামৰ এনজিঅ দ্বাৰা ।
This site was designed with Websites.co.in - Website Builder
We appreciate you contacting us. Our support will get back in touch with you soon!
Have a great day!
Please note that your query will be processed only if we find it relevant. Rest all requests will be ignored. If you need help with the website, please login to your dashboard and connect to support
Search keyword
Want to know more about us
Fill in your details and we will get in touch at our earliest convenienceWant to know more about
Fill in your details and we will get in touch at our earliest convenience